explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জিহাদৰ আটাইতকৈ ডাঙৰ আৰু উৎকৃষ্ট এটা প্ৰকাৰ হৈছে অত্যাচাৰী শাসক তথা স্বৈৰাচাৰী আমীৰৰ সন্মুখত ন্যায় তথা সত্য কথা কোৱা। কাৰণ এইটো হৈছে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধৰ অন্যতম এটা প্ৰতীক। সেয়া যিকোনো উপায়ে হওক, কথাৰ দ্বাৰা, লিখিত পত্ৰৰ দ্বাৰা বা অন্য কোনো উপায়েই হওক, উপকাৰ সাধন হ'লেই হ'ল আৰু অনিষ্টতা দূৰ হ'লেই হ'ল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ হৈছে জিহাদৰ অন্যতম এটা উপায়।
  • শাসকক সৎ পৰাপৰ্শ দিয়াটো হৈছে এটা ডাঙৰ জিহাদ। কিন্তু এইটো জ্ঞান, হিকমত আৰু উচিত পন্থাৰে হোৱা উচিত।
  • খাত্তাবী ৰাহিমাহুল্লাহে কৈছেঃ ইয়াক উত্তম জিহাদ এই কাৰণে কোৱা হৈছে, কাৰণ যিয়ে শত্ৰুৰ সৈতে যুদ্ধ কৰে, তেওঁ ভয় আৰু আশাৰ মাজত উভয়-সঙ্কটত থাকে যে, জয়ী হ'ব নে পৰাজিত হ'ব। আনহাতে অত্যাচাৰী শাসকৰ সন্মুখত সত্য আৰু ন্যায়ৰ কথা কোৱাটো হৈছে নিশ্চিত ধ্বংসক আহ্বান কৰা। সেয়ে ইয়াক অন্যতম উত্তম জিহাদ বুলি কোৱা হৈছে, কাৰণ ইয়াত ভয় নিশ্চিত। কিছুমানে কৈছেঃ ইয়াক উত্তম জিহাদ কোৱাৰ কাৰণ হৈছে, কিয়নো যদি শাসকে তেওঁৰ কথা গ্ৰহণ কৰে তেন্তে বহল পৰিসৰত বহুত লোকে উপকৃত হ'ব, আৰু স্বাৰ্থ ফলপ্ৰসূ হ'ব।