নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন লোকক বনু ছুলাইম গোত্ৰৰ জাকাত সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যাহ। যেতিয়া তেওঁ জাকাত সংগ্ৰহ কৰি মদিনাত আহি উপস্থিত হ'ল, তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক হিচাপ-নিকাচৰ বাবে মাতিলে, ইবনুল লুতবিয়্যাই ক'লেঃ এইবোৰ হৈছে আপোনালোকৰ সম্পদ, যিবোৰ মই জাকাত হিচাপে সংগ্ৰহ কৰিছোঁ, আৰু এইবোৰ হৈছে মোৰ উপহাৰ, যিবোৰ মানুহে মোক প্ৰদান কৰিছে। এই শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি যদি সঁচাই সত্যবাদী, তেন্তে তুমি নিজৰ ঘৰত বহি থাকাচোন, কেইজনে তোমাক উপহাৰ দি যায়? প্ৰকৃততে তুমি যিটো কৰ্মত নিয়োজিত আছিলা, সেইটো কৰ্মক ভিত্তি কৰি মানুহে তোমাক উপহাৰ দিছে। যদি তুমি ঘৰত থাকিলাহেঁতেন তেন্তে কোনেও তোমাক উপহাৰ নিদিলেহেঁতেন। সেয়ে উপহাৰ হিচাপে তুমি পাইছা বুলিয়ে ইয়াক বৈধ বুলি গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক্ৰোধান্বিত হৈ মিম্বৰত আৰোহণ কৰিলে, আৰু আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি ক'লেঃ আম্মা বাদঃ মই তোমালোকৰ মাজৰ এজনক জাকাত আৰু গনীমতৰ সম্পদ সংগ্ৰহ কৰিবলৈ নিযুক্ত কৰিছিলোঁ, যিটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব আল্লাহে মোক অৰ্পন কৰিছে, সেই ব্যক্তিয়ে নিজৰ কৰ্ম সম্পাদন কৰি আহি ক'লে যে, এইবোৰ হৈছে আপোনালোকৰ আৰু এইখিনি হৈছে মোৰ, যিবোৰ মানুহে মোক উপহাৰ দিছে। সি যদি নিজৰ ঘৰত বহি থাকিলহেঁতেন, তেন্তে তাক কোনোবাই উপহাৰ দি গ'লহেঁতেন নে? আল্লাহৰ শপত খাই কৈছোঁ, যিয়ে অন্যায়ভাৱে এনেকুৱা বস্তু গ্ৰহণ কৰিব, সি কিয়ামতৰ দিনা সেইবোৰ নিজৰ কান্ধত বহন কৰি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। যদি সি উট লৈছে তেন্তে সেই উট গৰজি থাকিব, আৰু যদি গৰু লৈছে তেন্তে সেই গৰু হাম্বা হাম্বা বুলি চিঞৰি থাকিব, আনহাতে যদি ছাগলী লৈছে তেন্তে সেই ছাগলী উচ্চস্বৰে মে মে কৰি থাকিব। ইয়াৰ পিছত তেখেতে নিজৰ দুয়ো হাত ইমান ওপৰলৈ উঠালে যে, উপস্থিত লোকসকলে তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা পালে। ইয়াৰ পিছত তেখেতে ক'লেঃ হে আল্লাহ! তুমি সাক্ষী থাকা, মই তোমালোকক আল্লাহৰ বিধান পৌঁচাই দিছোঁ। ইয়াৰ পিছত আবু হুমাইদ ছায়েদী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ এইটো এনেকুৱা এটা সংবাদ, যিটো তেওঁ নিজ চকুৰে দেখিছে আৰু নিজ কাণেৰে শুনিছে।