আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে পৰস্পৰে পৰস্পৰক উপহাৰ দিয়া, মুহাব্বত বৃদ্ধি পাব।" হাছান - رواه البخاري في الأدب المفرد وأبو يعلى والبيهقي
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত মুছলিম ব্যক্তিক পৰস্পৰৰ মাজত হাদিয়া তথা উপহাৰ আদান-প্ৰদান কৰিবলৈ উৎসাহিত কৰিছে। কিয়নো উপহাৰ আদান প্ৰদান কৰিলে মুহাব্বত সৃষ্টি হয়, আৰু এইটো হৈছে হৃদয়ক একত্ৰিত কৰাৰ অন্যতম এটা উপায়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • উপহাৰ আদান-প্ৰদান কৰা মুস্তাহাব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো কৰিবলৈ উৎসাহিত কৰিছে।
  • উপহাৰ হৈছে মুহাব্বত সৃষ্টিৰ অন্যতম এটা উপায়।
  • মানুহে সেইবোৰ কাম কৰা উচিত যিবোৰ কাম কৰিলে তেওঁৰ আৰু মানুহৰ মাজত পাৰস্পৰিক মৰম-ভালপোৱা সৃষ্টি হয়; সেইটো উপহাৰৰ জৰিয়তেই হওক বা নম্ৰতা প্ৰদৰ্শনৰ জৰিয়তে হওক, নাইবা উত্তম কথা কোৱাৰ মাধ্যমতে হওক, অথবা সাধ্য অনুসৰি হাঁহিমুখে সাক্ষাৎ কৰাৰ জৰিয়তেই হওক।
explain-icon

শ্ৰেণীবিন্যাসসমূহ

explain-icon

অধিক