হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইংগিত কৰিছে যে, অনাগত সময়ত এনেকুৱা লোকে মুছলিমসকলৰ ওপৰত শাসন কৰিব যিসকলে মুছলিমসকলৰ ধন-সম্পত্তি নিজৰ ইচ্ছামতে ব্যয় কৰিব আৰু মুছলিমসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব। লগতে সিহঁতে ধৰ্ম সম্পৰ্কীয় এনেকুৱা কিছুমান কাম কৰিব, যিবোৰ তোমালোকে অপছন্দ কৰিবা। এই কথা শুনি চাহাবাসকলে তেখেতক সুধিলেঃ এনেকুৱা পৰিস্থিতিত আমি কি কৰা উচিত? ইয়াৰ উত্তৰত তেখেতে ক'লে যে, ৰাজহুৱা সম্পত্তিক সিহঁতৰ নিজৰ ইচ্ছা মতে ব্যয় কৰা কাৰ্য্যত ক্ষুণ্ণ হৈ তোমালোকে নিজৰ দায়িত্ব পালনত অৱহেলা নকৰিবা অৰ্থাৎ সিহঁতৰ নিৰ্দেশনা পালনত গা এৰা নিদিবা। বৰং তোমালোকে ধৈৰ্য্য ধাৰণ কৰিবা আৰু সিহঁতৰ কথা মানিবা, সিহঁতৰ সৈতে বিবাদ নকৰিবা। নিজৰ অধিকাৰ আল্লাহৰ ওচৰত বিচাৰিবা। লগতে আল্লাহৰ ওচৰত দুআ কৰিবা আল্লাহে যেন সিহঁতক সংশোধন কৰে আৰু সিহঁতৰ অনিষ্টতাৰ পৰা তোমালোকক ৰক্ষা কৰে।