চাহাবাসকলৰ মাজৰ কোনো এজন চাহাবীয়ে ক'লে যে, নামাজ পঢ়িলে কিজানি শান্তি অনুভৱ কৰিলোঁহেঁতেন। তেওঁৰ ওচৰে পাঁজৰে থকা লোকসকলে বিষয়টোক বেয়া অনুভৱ কৰিলে। তেতিয়া তেওঁ ক'লেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ হে বিলাল! আজান দিয়া আৰু নামাজৰ ইক্বামত দিয়া, যাতে আমি শান্তি অনুভৱ কৰিব পাৰোঁ। কাৰণ নামাজৰ দ্বাৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয়, সেয়ে অন্তৰ আৰু ৰূহে আৰাম অনুভৱ কৰে।