নবী চাল্লাল্লাহু আলাইহি অচাল্লামে হাদীছটোত (কেঁচা) নহৰু আৰু পিঁয়াজ খাই মছজিদত আহিবলৈ নিষেধ কৰিছে। যাতে জামাআতৰ সৈতে নামাজ পঢ়িবলৈ অহা লোকে কষ্ট নাপায়। এই নিষেধাজ্ঞা কেৱল মছজিদত অহাৰ ক্ষেত্ৰতহে, খোৱাৰ ক্ষেত্ৰত নহয়। কাৰণ এই দুয়োবিধ খাদ্য বৈধ। এবাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ চালাদৰ পাত্ৰ অনা হ'ল, য'ত কেঁচা শাক-পাচলি আছিল। যেতিয়া তেখেতে তাত কিবা গোন্ধ অনুভৱ কৰিলে তেতিয়া তেখেতে সেইটো খাবলৈ অস্বীকাৰ কৰিলে আৰু সেই পাত্ৰটো চাহাবাসকলৰ ওচৰলৈ পঠিয়াই দিলে। তেখেতৰ অনুসৰণ কৰি চাহাবীজনেও খাবলৈ অপছন্দ কৰিলে। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ খোৱা। মই এই কাৰণে খোৱা নাই, কাৰণ মই অহী লৈ অহা ফিৰিস্তাৰ সৈতে কথা পাতোঁ। লগতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেয়া গোন্ধৰ পৰা যিদৰে মানুহে কষ্ট পায় সেইদৰে ফিৰিস্তাসকলেও কষ্ট পায়।