নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে ছুৰা আল-ফাতিহা পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। সেইখিনি সময়ত তেখেতে কিছুমান দুআ পাঠ কৰি চালাত আৰম্ভ কৰিছিল। এইখিনি সময়ত তেখেতে যিবোৰ দুআ পঢ়িছিল তাৰে অন্যতম হৈছেঃ "আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।" তেখেতে সৰ্বশক্তিমান আল্লাহৰ ওচৰত এই বুলি দুআ কৰিছিল যে, মহান আল্লাহে যেন তেখেতৰ গুনাহ আৰু তেখেতৰ মাজত দূৰত্ব সৃষ্টি কৰি দিয়ে, যাতে তেখেত গুনাহত পতিত নহয়, ইমান দূৰত্ব হ'ব লাগে যাতে সাক্ষাৎ নহয়। যিদৰে পূৱ আৰু পশ্চিমৰ মাজত সাক্ষাৎ অসম্ভৱ। যদিও কেতিয়াবা গুনাহ হৈ যায় তেন্তে যাতে তেখেতক তাৰ পৰা পৰিষ্কাৰ কৰা হয়, যিদৰে বগা কাপোৰক ময়লাৰ পৰা পৰিষ্কাৰ কৰা হয়। তেওঁ যেন তেখেতৰ গুনাহসমূহক ধুই দিয়ে। আনকি গুনাহৰ উষ্ণতাক তেওঁ যেন পানী, বৰফ আৰু ঠাণ্ডা পানীৰে পৱিত্ৰ কৰি দিয়ে।