নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা জামাআত আহিল। তেওঁলোক সংখ্যাত আছিল দহজন। তাৰে মাজৰ ন জনৰ পৰা ইছলাম গ্ৰহণ আৰু তেখেতৰ অনুসৰণৰ বাইআত গ্ৰহণ কৰিলে। কিন্তু এজনৰ পৰা গ্ৰহণ নকৰিলে। যেতিয়া ইয়াৰ কাৰণ সম্পৰ্কে তেখেতক প্ৰশ্ন কৰা হ'ল, তেতিয়া তেখেতে ক'লেঃ ইয়াৰ শৰীৰত তাবীজ আছে। বিপদ-আপদ, বেমাৰ-আজাৰ, কুঃদৃষ্টি আদিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে যি বস্তুৱে শৰীৰত ওলোমোৱা নহওক কিয়, সেইটোকে তামীমাহ বোলে। ইয়াৰ পিছত সেই ব্যক্তিজনে তাবীজটো ছিঙি পেলালে, তাৰ পিছতহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ বাইআত গ্ৰহণ কৰিলে। ইয়াৰ পিছত তেখেতে তাবীজৰ বিধান বৰ্ণনা কৰি ইয়াৰ পৰা সতৰ্ক কৰি ক'লেঃ "যিয়ে তাবীজ পিন্ধে সি শ্বিৰ্ক কৰে।"