হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ পূৰ্বে অতীত হোৱা উম্মতসমূহৰ মাজত আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই উম্মতৰ পৰা তেওঁৰ বাবে আল্লাহে সহায়ক, মুজাহিদ আৰু নিষ্ঠাৱান লোকসকলক নিৰ্বাচন কৰিছিল। সেই নবীৰ মৃত্যুৰ পিছত তেওঁলোকে খিলাফতৰ দায়িত্ব পালন কৰিছিল। তেওঁলোকে তেওঁৰ ছুন্নত মুতাবিক আমল কৰিছিল আৰু তেওঁৰ নিৰ্দেশনাৰ অনুসৰণ কৰিছিল। এই পুণ্যৱান লোকসকল অতীত হোৱাৰ পিছত সিহঁতৰ মাজত এনেকুৱা অপদাৰ্থ লোকৰ সৃষ্টি হৈছিল, যিসকলৰ মাজত কল্যাণ বোলা একো নাছিল। সিহঁতে এনেকুৱা কথা কৈছিল, যিবোৰ সিহঁতে নিজেই আমল কৰা নাছিল, আৰু এনেকুৱা কাম কৰিছিল, যিটো সিহঁতক নিৰ্দেশ দিয়া হোৱা নাছিল। গতিকে ইহঁতৰ সৈতে যিয়ে হাতৰ দ্বাৰা জিহাদ কৰিব তাক মুমিন বুলি গণ্য কৰা হ'ব। এইদৰে যিয়ে জিভাৰে ইহঁতৰ সৈতে জিহাদ কৰিব, তাকো মুমিন বুলি গণ্য কৰা হ'ব। লগতে অন্তৰৰ দ্বাৰা যিয়ে সিহঁতৰ এইবোৰ কৰ্মক ঘৃণা কৰিব আৰু পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰিব, তাকো মুমিন হিচাপে গণ্য কৰা হ'ব। ইয়াৰ বাহিৰে সৰিয়হৰ দানা পৰিমাণো ঈমানৰ অৱকাশ নাই।