হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে সততাৰ সৈতে ঈমান পোষণ কৰিছে, তথা এই ক্ষেত্ৰত যাৰ অন্তৰ সন্তুষ্ট হৈছে, তেওঁ নিশ্চয় নিজৰ অন্তৰত প্ৰশস্ততা অনুভৱ কৰিব, আৰু আনন্দ অনুভৱ কৰিব, লগতে আল্লাহৰ নৈকট্যৰ মিঠা সোৱাদ অনুভৱ কৰিব, যদি তেওঁ এই তিনিটা ক্ষেত্ৰত সন্তুষ্ট হয়ঃ প্ৰথমঃ যদি আল্লাহক ৰব্ব হিচাপে পাই সন্তুষ্ট হৈছে, আৰু সেয়া হৈছে আল্লাহৰ ফালৰ পৰা পোৱা নিয়ামতেৰে তেওঁৰ অন্তৰ যাতে পৰিপূৰ্ণ হয়, মহান প্ৰতিপালকৰ ইচ্ছা অনুসৰি জীৱিকা আৰু পৰিস্থিতিৰ বিতৰণৰ ক্ষেত্ৰত তেওঁৰ হৃদয়ত যাতে কোনো আপত্তি নাথাকে। লগতে আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক সন্ধান নকৰে। দ্বিতীয়ঃ যদি ইছলামক দ্বীন হিচাপে পাই সন্তুষ্ট হৈছে। অৰ্থাৎ যিয়ে ইছলামৰ দায়িত্ব আৰু কৰ্তব্য আন্তৰিকতাৰে পালন কৰে, লগতে ইছলামৰ বাহিৰে আন কোনো পথ অনুসন্ধান নকৰে। তৃতীয়ঃ যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে পাই সন্তুষ্ট হৈছে। অৰ্থাৎ যিয়ে কোনো ধৰণৰ সন্দেহ সংশয় নকৰাকৈ ৰাছুলে লৈ অহা প্ৰতিটো বিধান আন্তৰিকতাৰে মানি লৈছে তথা যিয়ে ৰাছুলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন নকৰে।