নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক নিষ্ঠা সহকাৰে আমল কৰিবলৈ উৎসাহিত কৰিছে। লগতে সক্ষম অনুযায়ী আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ উৎসাহিত কৰিছে। যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ সীমালংঘন নকৰে আৰু অৱহেলাও নকৰে। তথা তেওঁলোকে যেন ইখলাচৰ সৈতে ছুন্নত অনুসৰি সঠিক আমল কৰাৰ চেষ্টা কৰে, যাতে তেওঁলোকৰ আমল কবূল হয় আৰু ইয়াৰ ফলত তেওঁলোকৰ ওপৰত ৰহমত অৱতীৰ্ণ হয়। ইয়াৰ পিছত তেখেতে জনাইছে যে, কেৱল আমলে তোমালোকৰ মাজৰ কাকো ৰক্ষা কৰিব নোৱাৰিব, যদি আল্লাহৰ ৰহমত নাথাকে। তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ আমলেও আপোনাক ৰক্ষা কৰিব নোৱাৰিবনে? তেখেতে ক'লেঃ হয়, মোকো নোৱাৰিব। কিন্তু আল্লাহে মোক তেওঁৰ ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰা আবৃত কৰি ৰাখিছে।