নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে কৈছেঃ বান্দাই মোক যিদৰে ধাৰণা কৰে, মই তাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ। এতেকে সি যিদৰে মোৰ প্ৰতি আশা পোষণ কৰে, তথা ক্ষমাৰ ধাৰণা কৰে মই তাক সেইটোৱে প্ৰদান কৰোঁ, বান্দাই আল্লাহৰ ওচৰত হিদায়ত ৰহমত যি কল্যাণেই কামনা কৰে, তেওঁ সেইটোৱে তাক প্ৰদান কৰে। বান্দাই যেতিয়া আল্লাহক স্মৰণ কৰে, তেতিয়া আল্লাহে তাক হিদায়ত, ৰহমত আৰু তাওফীকৰ জৰিয়তে সহায় কৰে। যদি সি মোক মনে মনে তথা নিৰ্জনতাত অকলশৰীয়াকৈ তাছবীহ তাহলীলৰ মাধ্যমত স্মৰণ কৰে তেন্তে ময়ো তাক মনতে স্মৰণ কৰোঁ। এইদৰে সি যদি মোক সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈ উত্তম আৰু অধিক উৎকৃষ্ট সভাত স্মৰণ কৰোঁ। বান্দা আল্লাহৰ প্ৰতি এবেগেত পৰিমাণ নিকটৱৰ্তী হ'লে, আল্লাহে তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে। আনহাতে সি যদি এক হাত পৰিমাণ আগুৱাই আহে তেন্তে আল্লাহে তাৰ পিনে এক গজ পৰিমাণ আগুৱাই আহে। এইদৰে সি যদি আল্লাহৰ ফালে খোজকাঢ়ি আহে, তেন্তে আল্লাহে তাৰ ওচৰলৈ দৌৰি আহে। বান্দাই যদি আনুগত্য আৰু ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ চেষ্টা কৰে, তেন্তে মহান আল্লাহে তাক তাৰ সেই আমলৰ অধিক প্ৰতিদান প্ৰদান কৰি সহায় কৰে। মুমিন ব্যক্তিয়ে ইবাদতৰ ক্ষেত্ৰত যি পৰিমাণে পূৰ্ণাংগতা লাভ কৰে, সেই পৰিমাণেই সি আল্লাহৰ নৈকট্য অৱলম্বন কৰে। আল্লাহে বান্দাক তাৰ কষ্ট আৰু আমলতকৈ অধিক ছোৱাব প্ৰদান কৰে। মুঠতে আল্লাহৰ প্ৰতিদান তথা ছোৱাব বান্দাৰ আমলতকৈ সকলো ফালৰ পৰা অধিক, সেয়া গুণগত দিশতেই হওক বা পৰিমাণৰ ক্ষেত্ৰতেই হওক। এতেকে মুমিন ব্যক্তিয়ে আল্লাহৰ প্ৰতি ভাল ধাৰণা পোষণ কৰা উচিত আৰু আমল কৰা উচিত। লগতে দ্ৰুত অগ্ৰসৰ হোৱা উচিত তথা বেছি বেছি নেক আমল কৰা উচিত, যাতে আল্লাহৰ সাক্ষাৎ লাভ কৰিব পাৰে।