নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদত প্ৰৱেশ কৰিছিল তেতিয়া কৈছিলঃ (أعوذ بالله العظيم) অৰ্থাৎ মই আল্লাহৰ ওচৰত তেওঁৰ গুণাৱলীৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। (وبوجهه الكريم) যিজন উদাৰ অত্যন্ত দানশীল। (وسلطانه) তেওঁৰ আধিপত্য, তেওঁৰ ক্ষমতা আৰু শক্তি সামৰ্থ, তেওঁৰ সৃষ্টিৰ মাজৰ পৰা যাৰ ওপৰত ইচ্ছা কৰে প্ৰয়োগ কৰে। (القديم) চিৰস্থায়ী, অবিনশ্বৰ। (من الشيطان الرجيم) যাক আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত কৰা হৈছে। অৰ্থাৎ হে আল্লাহ! চয়তানৰ কুমন্ত্ৰণাৰ পৰা, তাৰ প্ৰৰোচনাৰ পৰা, তাৰ অভিসন্ধিৰ পৰা, তাৰ ভয়াৱহতাৰ পৰা, তাৰ ষড়যন্ত্ৰৰ পৰা আৰু তাৰ পথভ্ৰষ্টতাৰ পৰা মোক ৰক্ষা কৰা। এইটো হৈছে বিভ্ৰান্তিৰ কাৰণ, লগতে ই পথভ্ৰষ্ট কৰে আৰু অজ্ঞনতা সৃষ্টি কৰে। আব্দুল্লাহ বিন আমৰক সোধা হ'ল, কেৱল এইখিনিয়ে? অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল এইখিনিয়ে কৈছিল? তেওঁ ক'লেঃ হয়। মছজিদত প্ৰৱেশকাৰীয়ে যেতিয়া এই দুআটো পাঠ কৰে, তেতিয়া চয়তানে কয়ঃ প্ৰৱেশকাৰী এই ব্যক্তিজনে দিন আৰু ৰাতিৰ বাবে মোৰ পৰা সুৰক্ষিত হৈ গ'ল।