আব্দুল্লাহ বিন আমৰ বিন আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদত প্ৰৱেশ কৰিছিল তেতিয়া কৈছিলঃ «أعوذ بالله العظيم، وبوجهه الكريم، وسلطانه القديم، من الشيطان الرَّجِيم» "(মই বিতাৰিত চয়তানৰ পৰা মহান আল্লাহৰ, তেওঁৰ সন্মানিত মুখমণ্ডলৰ আৰু তেওঁৰ চিৰস্থায়ী ৰাজত্বৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।)" সোধা হ'ল, কেৱল এইখিনিয়ে? মই ক'লোঁঃ হয়। তেখেতে কৈছেঃ (মছজিদত প্ৰৱেশকাৰী) ব্যক্তিয়ে যেতিয়া এই দুআটো পাঠ কৰে, তেতিয়া চয়তানে কয়ঃ আজি গোটেই দিনটোৰ বাবে ই মোৰ পৰা সুৰক্ষিত হৈ গ'ল। হাছান - (আবু দাঊদ)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদত প্ৰৱেশ কৰিছিল তেতিয়া কৈছিলঃ (أعوذ بالله العظيم) অৰ্থাৎ মই আল্লাহৰ ওচৰত তেওঁৰ গুণাৱলীৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। (وبوجهه الكريم) যিজন উদাৰ অত্যন্ত দানশীল। (وسلطانه) তেওঁৰ আধিপত্য, তেওঁৰ ক্ষমতা আৰু শক্তি সামৰ্থ, তেওঁৰ সৃষ্টিৰ মাজৰ পৰা যাৰ ওপৰত ইচ্ছা কৰে প্ৰয়োগ কৰে। (القديم) চিৰস্থায়ী, অবিনশ্বৰ। (من الشيطان الرجيم) যাক আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত কৰা হৈছে। অৰ্থাৎ হে আল্লাহ! চয়তানৰ কুমন্ত্ৰণাৰ পৰা, তাৰ প্ৰৰোচনাৰ পৰা, তাৰ অভিসন্ধিৰ পৰা, তাৰ ভয়াৱহতাৰ পৰা, তাৰ ষড়যন্ত্ৰৰ পৰা আৰু তাৰ পথভ্ৰষ্টতাৰ পৰা মোক ৰক্ষা কৰা। এইটো হৈছে বিভ্ৰান্তিৰ কাৰণ, লগতে ই পথভ্ৰষ্ট কৰে আৰু অজ্ঞনতা সৃষ্টি কৰে। আব্দুল্লাহ বিন আমৰক সোধা হ'ল, কেৱল এইখিনিয়ে? অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল এইখিনিয়ে কৈছিল? তেওঁ ক'লেঃ হয়। মছজিদত প্ৰৱেশকাৰীয়ে যেতিয়া এই দুআটো পাঠ কৰে, তেতিয়া চয়তানে কয়ঃ প্ৰৱেশকাৰী এই ব্যক্তিজনে দিন আৰু ৰাতিৰ বাবে মোৰ পৰা সুৰক্ষিত হৈ গ'ল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • মছজিদত প্ৰৱেশ কৰাৰ সময়ত এই দুআটো পাঠ কৰাৰ ফজিলত বৰ্ণিত হৈছে। যিয়ে এইটো পাঠ কৰে তেওঁ দিনটোৰ বাবে চয়তানৰ পৰা সুৰক্ষিত হৈ যায়।
  • চয়তানৰ পৰা সতৰ্ক কৰা হৈছে। কাৰণ চয়তানে মুছলিমক বিভ্ৰান্ত কৰিবলৈ আৰু বিপথে পৰিচালিত কৰিবলৈ সদায় অপেক্ষাত থাকে।
  • মানুহে নিজৰ অন্তৰত যি পৰিমাণে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, আৰু এই দুআটোক মনত ৰাখে, লগতে আল্লাহৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস কৰে, সেই পৰিমাণেই তেওঁ চয়তানৰ কুমন্ত্ৰণা আৰু বিভ্ৰান্তিৰ পৰা সুৰক্ষিত থাকে।