নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হাদীছে কুদছীত সৰ্বশক্তিমান আল্লাহে মুশ্বৰিক আৰু কাফিৰসকলৰ বিষয়ে জনাইছে যে, সিহঁতে তেওঁক অস্বীকাৰ কৰে আৰু তেওঁৰ সৈতে দোষ-ত্ৰুটি সম্পৃক্ত কৰে। যদিও এইটো কৰা সিহঁতৰ বাবে উচিত নহয়। সিহঁতে আল্লাহক অস্বীকাৰ কৰাৰ অৰ্থ হৈছেঃ সিহঁতে এই ধাৰণা পোষণ কৰে যে, আল্লাহে সিহঁতক সিহঁতৰ মৃত্যুৰ পিছত কেতিয়াও পুনৰ্জীৱিত কৰিব নোৱাৰিব। অথচ তেৱেঁই সিহঁতক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে। সেয়ে আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি কৈছে যে, যি সত্ত্বাই তোমালোকক অনস্তিত্বৰ পৰা অস্তিত্বলৈ আনিছে, তেওঁ নিশ্চয় তোমালোকক পুনৰ্জীৱিত কৰিবলৈ সক্ষম, বৰং এইটো তেওঁৰ বাবে অতি সহজ। যদিও আল্লাহৰ বাবে দুয়োটা কামেই একে সমান সহজ। মহান আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। আনহাতে সিহঁতে দিয়া গালিটো হৈছে সিহঁতৰ এই কথা কোৱা যে, আল্লাহৰ সন্তান আছে। ইয়াৰ উত্তৰত আল্লাহে কৈছে যে, তেওঁ একক, তেওঁ সকলো ক্ষেত্ৰতে অদ্বিতীয়, কৰ্মৰ ক্ষেত্ৰতে হওক বা নাম আৰু গুণাৱলীৰ ক্ষেত্ৰতে হওক, তেওঁ সকলো ক্ষেত্ৰতে পূৰ্ণাংগ চিফাতৰ অধিকাৰী। তেওঁ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। তেওঁ অমুখাপেক্ষী, তেওঁৰ কাকো প্ৰয়োজন নহয়। বৰং সকলোৱে তেওঁৰ মুখাপেক্ষী। তেওঁ কাৰো পিতৃ নহয়, আৰু তেৱোঁ কাৰো সন্তান নহয়। মহান আল্লাহৰ সমপৰ্যায় বা সমকক্ষ একো নাই।