আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।” ছহীহ - (তিৰমিজী, আহমদ)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে ঋণগ্ৰস্থ ব্যক্তিক ঋণ পৰিশোধ কৰিবলৈ অৱকাশ দিব অথবা তাৰ ঋণ মাফ কৰি দিব, তেন্তে তাৰ প্ৰতিদান হ'ব এই যে, কিয়ামতৰ দিনা আল্লাহে তাক আৰচৰ ছাঁৰ তলত স্থান দিব, যিদিনা সূৰ্য্য মানুহৰ মূৰৰ নিচেই কাষত থাকিব আৰু উষ্ণতা খুবেই বেছি থাকিব। আল্লাহে যাক ছাঁ প্ৰদান কৰিব, তাৰ বাহিৰে আন কোনেও ছাঁ নাপাব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • আল্লাহৰ বান্দাসকলৰ প্ৰতি সহানুভূতি দেখুৱাৰ গুৰুত্ব, আৰু এইটো হৈছে কিয়ামত দিৱসৰ ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্যতম এটা উপায়।
  • কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।