নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু তালিবৰ মৃত্যুৰ সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উপস্থিত হৈ ক'লেঃ হে মোৰ খুৰা, আপুনি কেৱল এবাৰ "লা ইলা-হা ইল্লাল্লাহৰ" স্বীকাৰোক্তি দিয়ক। মই আল্লাহৰ ওচৰত আপোনাৰ হৈ সাক্ষ্য প্ৰদান কৰিম। এই কথা শুনি আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমাইয়্যাই ক'লেঃ হে আবু তালিব! তুমি তোমাৰ পিতৃ আব্দুল মুত্তালিবৰ ধৰ্ম এৰিবা নেকি? অৰ্থাৎ পৌত্তলিক ধৰ্ম এৰিবা নেকি। এই কথা সিহঁতে তেওঁক বাৰে বাৰে কৈ আছিল। অৱশেষত তেওঁ ক'লেঃ মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ, অৰ্থাৎ মূৰ্তিপূজা তথা শ্বিৰ্কৰ ওপৰত আছোঁ। ইয়াৰ পিছতো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, যেতিয়ালৈকে আল্লাহে মোক এই বিষয়ে নিষেধ নকৰিব। ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ অৰ্থঃ নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাঃ ১১৩) লগতে আবু তালিব সম্পৰ্কে মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰা। বৰং আল্লাহে যাক ইচ্ছা কৰে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে।" (ছুৰা কাচাচঃ ৫৬) আপুনি যাকেই পছন্দ কৰে তাকেই হিদায়ত দিব নোৱাৰে, আপুনি কেৱল সঁচাটো পৌঁচাইহে দিব পাৰে। আনহাতে আল্লাহে যাক ইচ্ছা কৰে তাকহে হিদায়ত দিব পাৰে।