নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ পৰা বৰ্ণনা কৰি কৈছে যে, যেতিয়া বান্দাই কোনো গুনাহ কৰে আৰু তাৰ পিছত কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন ৰাখে আৰু ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰি তাক মাফ কৰি দিয়ে। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। সেইজন বান্দাই পুনৰ গুনাহ কৰে, আৰু আকৌ আল্লাহৰ শৰনাপন্ন হয় আৰু কয়ঃ হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই গুনাহ কৰিছে আৰু সি জানে যে, তাৰ এজন ৰব্ব আছে যিয়ে গুনাহ ক্ষমা কৰে। ফলত আল্লাহে তাৰ গুনাহ গোপন কৰি ৰাখে আৰু তাক ক্ষমা কৰি দিয়ে নাইবা অনুৰূপ শাস্তি প্ৰদান কৰে আৰু কয়ঃ মোৰ বান্দাক মই ক্ষমা কৰি দিলোঁ। গতিকে যেতিয়ালৈকে সি গুনাহ কৰাৰ পিছত অনুতপ্ত হ'ব আৰু গুনাহ নকৰাৰ সংকল্প লব কিন্তু প্ৰবৃত্তিৰ প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ কাৰণে গুনাহত বাৰে বাৰে লিপ্ত হয় তেতিয়ালৈকে আল্লাহে তাক স্বাধীনতা প্ৰদান কৰিব যে, তুমি যি ইচ্ছা সেইটোৱে কৰা। এতেকে যেতিয়ালৈকে সি গুনাহ কৰি অনুতপ্ত হৈ তাওবা কৰিব ময়ো তাক ক্ষমা কৰি যাম। কাৰণ তাওবাই পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে।