আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মদীনাৰ এটা উপপথত সাক্ষাৎ কৰিলে, সেই সময়ত তেওঁ (আবু হুৰাইৰাহ) জুনুবী (গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নজনাকৈয়ে গোপনে গুচি গৈ গোছল কৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বিষয়ে সোধাত তেওঁ যেতিয়া আহিল, তেতিয়া তেখেতে ক'লেঃ "হে আবু হুৰাইৰাহ তুমি ক'ত আছিলা?" তেতিয়া তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! আপোনাৰ সৈতে মই যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেতিয়া মই জুনুবী অৱস্থাত আছিলোঁ, সেয়ে মই গোছল নকৰাকৈ আপোনাৰ বৈঠকত উপস্থিত হ'বলৈ অপছন্দ কৰিলোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "ছুবহানাল্লাহ! মুমিন কেতিয়াও অপৱিত্ৰ নহয়।" ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

মদীনাৰ কোনো এটা পথত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দেখা হ'ল। সেই সময়ত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহু জুনুবী (স্ত্ৰী সহবাসৰ পিছত গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নিজকে অপৱিত্ৰ বুলি ভাবি আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি থকা শ্ৰদ্ধাৰ কাৰণে, তেখেতৰ সৈতে বৈঠকত বহিবলৈ আৰু আলোচনা কৰিবলৈ অপছন্দ কৰিলে। সেয়ে তেওঁ গোপনে গুচি গৈ গোছল কৰিলে, আৰু উভতি আহি পুনৰ বৈঠকত বহিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক সুধিলে, তুমি ক'ত আছিলা? তেতিয়া তেওঁ তেখেতক জনালে যে, তেওঁ জুনুবী অৱস্থাত থকাৰ কাৰণে অপৱিত্ৰ আছিল, সেয়ে তেওঁ তেখেতৰ বৈঠকত বহাটো অপছন্দ কৰিছিল। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ "মুমিন সদায় পৱিত্ৰ, কোনো অৱস্থাতেই অপৱিত্ৰ নহয়। জীৱিত হওক বা মৃত।"

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • জুনুবী অৱস্থাই কেৱল নামাজ পঢ়াৰ পৰা, কোৰআন স্পৰ্শ কৰাৰ পৰা আৰু মছজিদত অৱস্থান কৰাৰ পৰা বিৰত ৰাখে। ইয়াৰ ফলত মুছলিমৰ সৈতে বহা আৰু সাক্ষাৎ কৰাত কোনো বাধা নাই, লগতে ইয়াৰ কাৰণে জুনুবী ব্যক্তি অপৱিত্ৰও নহয়।
  • জীৱিত হওক বা মৃত, উভয় অৱস্থাতে মুমিন পৱিত্ৰ।
  • মৰ্যাদাৱান, জ্ঞানী আৰু সৎ লোকক সন্মান কৰিব লাগে আৰু তেওঁলোকৰ সৈতে উত্তম অৱস্থাত বহিব লাগে।
  • অনুসাৰী এজনে নেতাৰ ওচৰৰ পৰা গুচি যোৱাৰ সময়ত অনুমতি লৈ যাব লাগে, কাৰণ (উক্ত হাদীছটোত) আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক নজনোৱাকৈয়ে গুচি যোৱা বিষয়টোত তেখেতে তেওঁক নিন্দা কৰিছে। কিয়নো অনুমতি লোৱাটো হৈছে এটা উত্তম শিষ্টাচাৰ।
  • আশ্চৰ্য প্ৰকাশ কৰিবলৈ ছুবহানাল্লাহ ক'ব লাগে।
  • কাৰণবশতঃ নিজৰ বিষয়ে এনেকুৱা কোনো কথা আনৰ ওচৰত প্ৰকাশ কৰা বৈধ, যিটো প্ৰকাশ হোৱাটো লাজৰ বিষয়।
  • কাফিৰসকল হৈছে অপৱিত্ৰ, কিন্তু সিহঁতৰ অপৱিত্ৰতা হৈছে আধ্যাত্মিক, কাৰণ সিহঁতৰ আক্বীদাহ বেয়া।
  • ইমাম নাৱাৱীয়ে কৈছেঃ এই হাদীছত আন এটা শিষ্টাচাৰ আছে, সেয়া হৈছে এই যে, যদি কোনো আলিমে তেওঁৰ অনুসাৰীৰ মাজত এনেকুৱা কোনো বিষয় দেখা পায় যিটো সঠিক বিধানৰ পৰিপন্থী, তেন্তে তেওঁৰ উচিত হৈছে তেওঁক সেই বিষয়ে সোধ-পোচ কৰা, আৰু তেওঁক সঠিক বিষয়টো জনাই দিয়া। আল্লাহেই সৰ্বজ্ঞ।
explain-icon

অধিক