মদীনাৰ কোনো এটা পথত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দেখা হ'ল। সেই সময়ত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহু জুনুবী (স্ত্ৰী সহবাসৰ পিছত গোছল ফৰজ হোৱা) অৱস্থাত আছিল। সেয়ে তেওঁ নিজকে অপৱিত্ৰ বুলি ভাবি আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি থকা শ্ৰদ্ধাৰ কাৰণে, তেখেতৰ সৈতে বৈঠকত বহিবলৈ আৰু আলোচনা কৰিবলৈ অপছন্দ কৰিলে। সেয়ে তেওঁ গোপনে গুচি গৈ গোছল কৰিলে, আৰু উভতি আহি পুনৰ বৈঠকত বহিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক সুধিলে, তুমি ক'ত আছিলা? তেতিয়া তেওঁ তেখেতক জনালে যে, তেওঁ জুনুবী অৱস্থাত থকাৰ কাৰণে অপৱিত্ৰ আছিল, সেয়ে তেওঁ তেখেতৰ বৈঠকত বহাটো অপছন্দ কৰিছিল। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ "মুমিন সদায় পৱিত্ৰ, কোনো অৱস্থাতেই অপৱিত্ৰ নহয়। জীৱিত হওক বা মৃত।"