নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানাবতৰ গোছল কৰাৰ সময়ত প্ৰথমে দুয়োখন হাত ঘঁহি ঘঁহি ধুই লৈছিল। ইয়াৰ পিছত তেখেতে নামাজৰ অজুৰ দৰে অজু কৰিছিল। ইয়াৰ পিছত দুয়ো হাতেৰে মূৰৰ চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছালৰ গুৰিলৈকে ঢুকি পাইছে তেতিয়া তেখেতে মূৰত তিনিবাৰ পানী ঢালিছিল, ইয়াৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। এইখিনি বৰ্ণনা কৰাৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এখন পাত্ৰৰ পৰাই পানীলৈ গোছল কৰিছিলোঁ।