উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৱে মছজিদে নবৱীক আগতকৈ সুন্দৰ ৰূপত পুনৰ্নিমাণ কৰিবলৈ মনস্থ কৰিলে, কিন্তু বিষয়টোক মানুহে অপছন্দ কৰিলে। কাৰণ ইয়াৰ ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বনোৱা পূৰ্বৰ ধৰণটো পৰিবৰ্তন হ'ব। পূৰ্বে ইটাৰে নিৰ্মিত আছিল আৰু চাদ বনোৱা আছিল খেজুৰৰ ঠাৰীৰে। কিন্তু উছমান ৰাদ্বিয়াল্লাহু আনহুৱে শিল আৰু প্লাষ্টাৰেৰে নিৰ্মাণ কৰিব বিচাৰিছিল। এই প্ৰেক্ষাপটত উছমান ৰাদ্বিয়াল্লাহু আনহুৱে ক'লে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ লোকক দেখুৱাবলৈ বা গৌৰৱাম্বিত নোহোৱাকৈ যিয়ে আল্লাহৰ সন্তুষ্টি কামনা কৰি মছজিদ নিৰ্মাণ কৰিব, ইয়াৰ বিনিময়ত আল্লাহে তাক সেই অনুপাতেই প্ৰতিদান প্ৰদান কৰিব, অৰ্থাৎ আল্লাহে তাৰ বাবে অনুৰূপ এখন ঘৰ জান্নাতত নিৰ্মাণ কৰিব।