হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ দিনা সোনকালে যোৱাৰ ফজিলত উল্লেখ কৰিছে। সূৰ্য্য উদয় হোৱাৰ পৰা ইমাম নহালৈকে এই সময়খিনিত সোনকালে আহিব কোৱা হৈছে। এই সময়ছোৱাক পাঁচ ভাগত বিভক্ত কৰা হৈছে। সূৰ্য্য উদয় হোৱাৰ পৰা ইমাম মছজিদত প্ৰৱেশ কৰি খুতবাৰ বাবে মিম্বৰত আৰোহণ কৰালৈকে এই সময়ছোৱাক পাঁচ ভাগত বিভক্ত কৰা হৈছে। প্ৰথমঃ যিয়ে ফৰজ গোছলৰ দৰে পৰিপূৰ্ণ গোছল কৰিব আৰু তাৰ পিছত সোনকালেই প্ৰথম সময়ছোৱাত মছজিদলৈ যাব, তেওঁ যেনিবা এটা উট চাদাক্বাহ কৰিলে। দ্বিতীয়ঃ যিয়ে দ্বিতীয় সময়ছোৱাত যাব, তেওঁ যেনিবা এটা গৰু দান কৰিলে। তৃতীয়ঃ তৃতীয় সময়ছোৱাত যিয়ে যাব তেওঁ যেনিবা শিং থকা পঠা ছাগলী এটা দান কৰিলে। চতুৰ্থঃ যিয়ে চতুৰ্থ সময়ছোৱাত যাব, তেওঁ যেনিবা এটা মুৰ্গী দান কৰিলে। পঞ্চমঃ যিয়ে পঞ্চম সময়ছোৱাত যাব, তেওঁ যেনিবা কণী এটা দান কৰিলে। এতেকে যেতিয়া ইমাম খুতবাৰ বাবে ওলাই আহে, তেতিয়া দুৱাৰত বহি থকা ফিৰিস্তাসকলে যিসকলে ক্ৰমানুসাৰে মছজিদত প্ৰৱেশ কৰা লোকৰ নাম লিখি আছিল, তেওঁলোকে মনোযোগ সহকাৰে খুতবা শুনা আৰম্ভ কৰে।