নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি ৰমাজান মাহৰ ৰোজা পালন কৰিব আৰু ইয়াক ফৰজ বুলি বিশ্বাস কৰিব, লগতে আল্লাহে ৰোজাদাৰসকলৰ বাবে যি ছোৱাব আৰু প্ৰতিদান প্ৰস্তুত কৰি ৰাখিছে তাৰ প্ৰতি বিশ্বাস কৰিব, এইবোৰ যদি তেওঁ নাম অৰ্জন কৰিবলৈ আৰু মানুহক দেখুৱাৰ উদ্দেশ্যে নকৰে অৰ্থাৎ কেৱল আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্যে কৰে তেন্তে তাৰ পূৰ্বৱৰ্তী সকলো গুনাহ মাফ কৰি দিয়া হয়।