নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছে যে, আদম সন্তানৰ প্ৰতিটো আমলৰ ছোৱাব দহৰ পৰা সাত শ গুণ পৰ্যন্ত বৃদ্ধি হয়, কেৱল ৰোজাৰ বাহিৰে। কাৰণ এইটো হৈছে মোৰ বাবে, ইয়াত ৰিয়াৰ কোনো অৱকাশ নাথাকে। গতিকে ইয়াৰ প্ৰতিদান মই নিজৰ ইচ্ছানুযায়ী প্ৰদান কৰিম, ইয়াৰ ছোৱাবৰ পৰিমাণ সম্পৰ্কে আৰু ইয়াৰ বৃদ্ধি সম্পৰ্কে কেৱল ময়ে জানো। ইয়াৰ পিছত কৈছেঃ (والصيام جُنّة) অৰ্থাৎ ৰোজা হৈছে জাহান্নামৰ পৰা পৰ্দা, দুৰ্গ তথা ঢালস্বৰূপ। কাৰণ ইয়াৰ দ্বাৰা প্ৰবৃত্তিৰ কামনা-বাসনা দমন হয় আৰু গুনাহত লিপ্ত হোৱাৰ পৰা ৰক্ষা পোৱা যায়। কিয়নো জাহান্নামক প্ৰবৃত্তিৰ চাহিদাৰে আবৃত কৰি ৰখা হৈছে। (فإذا كان يوم صوم أحدكم فلا يرفث) অৰ্থাৎ তোমালোকৰ মাজৰ যদি কোনোবাই ৰোজা ৰাখে, তেওঁ যেন অশ্লীল ভাষা নকয় আৰু যৌন মিলন তথা ইয়াৰ প্ৰাৰম্ভিক কৰ্মবোৰত যাতে লিপ্ত নহয়। (ولا يَصخب) অৰ্থাৎ কাজিয়া ফাছাদ যাতে নকৰে আৰু হুলস্থল নকৰে। (فإنْ سابّه أحد أو قاتله) অৰ্থাৎ ৰমাজান মাহত বা ৰোজা ৰখা অৱস্থাত যদি কোনোবাই গালি দিয়ে অথবা কাজিয়া কৰে, তেন্তে ক'ব লাগে যে, মই ৰোজা আছোঁ। ইয়াৰ ফলত হয়তো সি বিৰত থাকিব। ইয়াৰ পিছতো যদি সি আক্ৰমণ কৰে তেন্তে কম ক্ষতিকৰ পদ্ধতিৰে কেৱল নিজক ৰক্ষা কৰিব লাগে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেই মহান সত্তাৰ শপত খাই ক'লে, যাৰ হাতত তেখেতৰ প্ৰাণ আছে যে, ৰোজাৰ ফলত ৰোজাদাৰৰ মুখৰ পৰা যি গোন্ধ ওলায়, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত এই গোন্ধ মৃগনাভিৰ সুগন্ধিতকৈও উৎকৃষ্ট হিচাপে পৰিগণিত হ'ব। জুমুআ আৰু বৈঠকসমূহত সুগন্ধি ব্যৱহাৰ কৰি যোৱাৰ বাবে যি ছোৱাব পোৱা যায়, তাতকৈও অধিক ছোৱাব প্ৰদান কৰিব। দুটা সময়ত ৰোজাদাৰ ব্যক্তি অত্যন্ত আনন্দিত হয়। ভোক পিয়াহ সহ্য কৰি ইফতাৰৰ সময় যেতিয়া কাষ চাপি আহে, যি সময়ত খোৱাৰ অনুমতি দিয়া হৈছে, তেতিয়া ৰোজাদাৰ ব্যক্তি আনন্দিত হয়। কাৰণ তাৰ ৰোজা পৰিপূৰ্ণ হয়, ইবাদত সম্পন্ন হয়, তথা আল্লাহৰ ফালৰ পৰা ৰহমত আৰু আগন্তুক ৰোজাৰ সহায় বিচাৰি এই আনন্দ লাভ কৰে। এইদৰে যেতিয়া আল্লাহৰ সৈতে সাক্ষাৎ কৰিব তেতিয়াও আনন্দিত হ'ব, কাৰণ তেতিয়া এই ৰোজাৰ প্ৰতিদান তথা ছোৱাব লাভ কৰি আনন্দিত হ'ব।