নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতৰ দুৱাৰসমূহৰ মাজত এনেকুৱা এটা দুৱাৰ আছে, যাৰ নাম হৈছে বাবুৰ ৰায়্যান। কিয়ামতৰ দিনা এই দুৱাৰেৰে কেৱল ৰোজাদাৰ সকলেহে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে বেলেগ কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকৰ বাবে ঘোষণা কৰা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে সেই দুৱাৰেৰে প্ৰৱেশ কৰিব, বেলেগ কোনেও সোমাব নোৱাৰিব। তেওঁলোকৰ মাজৰ সৰ্বশেষ ব্যক্তিজন যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া সেই দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।