হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক বিবাহৰ প্ৰতি উৎসাহিত কৰিছে, বিবাহ কৰিবলৈ যাৰ শাৰীৰিক আৰু আৰ্থিক সামৰ্থ আছে। কাৰণ দৃষ্টিক হাৰামৰ পৰা সুৰক্ষিত ৰাখিবলৈ আৰু লজ্জাস্থানক হিফাজত কৰিবলৈ এইটো হৈছে এটা অন্যতম উপায়। লগতে অশ্লীলতাত লিপ্ত হোৱাৰ পৰা ই বিৰত ৰাখে। আনহাতে যাৰ শাৰীৰিক সক্ষমতা আছে কিন্তু আৰ্থিক সক্ষমতা নাই তেনেকুৱা ব্যক্তিয়ে ৰোজা ৰখা উচিত। কাৰণ ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা বিচ্ছিন্ন হয় আৰু বীৰ্য্যৰ অনিষ্টতা দূৰ কৰে।