explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আৰাক গছৰ শিপাৰে দাঁত চাফ কৰিলে ময়লা আদিৰ পৰা মুখ পৰিস্কাৰ হয় আৰু দুৰ্গন্ধ দূৰ হয়। আৰু মিছৱাক কৰাটো হৈছে আল্লাহক সন্তুষ্টি কৰাৰ অন্যতম এটা উপায়। কাৰণ ইয়াৰ মাজত আছে আল্লাহৰ আনুগত্য আৰু তেওঁৰ আদেশ পালন। কিয়নো ইয়াৰ দ্বাৰা পৱিত্ৰতা অৰ্জন হয়, যি পৱিত্ৰতাক আল্লাহে ভাল পায়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • মিছৱাক কৰাৰ গুৰুত্ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক বেছি বেছি মিছৱাক কৰিবলৈ উৎসাহিত কৰিছে।
  • মিছৱাক কৰিবলৈ আৰাক গছৰ শিপা ব্যৱহাৰ কৰাটো উত্তম। ইয়াৰ বিপৰীতে পেষ্ট আৰু ব্ৰাশ্ব ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই।