হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে যেতিয়া কোনো বান্দাৰ বাবে নিৰ্ধাৰণ কৰে যে, তাৰ অমুক ঠাইত মৃত্যু হ'ব, কিন্তু সি তাত নাথাকে, আল্লাহে তাক সেই ঠাইলৈ যোৱাৰ কাৰণে কোনো প্ৰয়োজন সৃষ্টি কৰি দিয়ে, ফলত সেই ঠাইলৈ যোৱাৰ পিছত তাৰ প্ৰাণহৰণ কৰা হয়।