নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বিপদ-আপদ তথা পৰীক্ষা কেতিয়াও মুমিন মুুমিনাৰ লগ নেৰে, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা সন্তান-সন্ততিৰ বেমাৰ-আজাৰে হওক নাইবা মৃত্যু অথবা অবাধ্যতা আদিয়ে হওক। এইদৰে ধন-সম্পদৰ ক্ষেত্ৰত, যেনে- অভাৱ-অনাটন, ব্যৱসায়ত লোকচান, সা-সম্পত্তিৰ চুৰি, জীৱিকাৰ সংকীৰ্ণতা আদি। এইবোৰ কষ্টৰ দ্বাৰা আল্লাহে বান্দাৰ গুনাহ ক্ষমা কৰে। অৱশেত তেওঁ আল্লাহৰ ওচৰত এনেকুৱা অৱস্থাত গৈ উপস্থিত হয় যে, তেওঁ কৰা সকলো গুনাহ মোচন হৈছে।