নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছত আমাক জনাইছে যে, মুমিন ব্যক্তি বিভিন্ন সময়ত মুচিবতৰ সন্মুখীন হয়, কেতিয়াবা নিজৰ ক্ষেত্ৰত, আকৌ কেতিয়াবা সম্পদৰ ক্ষেত্ৰত অথবা অন্য কোনো ক্ষেত্ৰত। এতেকে যদি তেওঁ সেই বিপদত ধৈৰ্য্য ধাৰণ কৰে তেন্তে আল্লাহ তা‘আলাই তেওঁক সেই বিপদৰ বিনিময়ত ছোৱাব দান কৰে। বিপদাপদ আৰু তাৰ ভয়াৱহতা যিমানেই ডাঙৰ হ’ব আল্লাহৰ ফালৰ পৰা তাৰ ছোৱাব সিমানেই বেছি হ’ব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বর্ণনা কৰিছে যে, নিশ্চয় মুমিনৰ বাবে মুচিবত হৈছে আল্লাহ তা‘আলাৰ ভাল পোৱাৰ নিদর্শন। নিঃসন্দেহে আল্লাহৰ সিদ্ধান্ত আৰু ক্ষমতা দুয়োটাই বাস্তৱায়িত হোৱাটো নিশ্চিত। কিন্তু যি ধৈর্য্য ধাৰণ কৰিব আৰু সন্তুষ্ট থাকিব আল্লাহ তা‘আলাই শীঘ্ৰেই তাক ইয়াৰ প্ৰতিদান দিব। প্ৰতিদান দাতা হিচাপে তেৱেঁই যথেষ্ট। আনহাতে যি ব্যক্তিয়ে আল্লাহৰ ফয়চালা আৰু ক্ষমতাৰ ক্ষেত্ৰত অসন্তুষ্ট থাকিব, আল্লাহ তা‘আলা নিশ্চয় তাৰ ওপৰত অসন্তুষ্ট হ’ব। শাস্তিদাতা হিচাপে তেৱেঁই যথেষ্ট।