ছুফিয়ান বিন আব্দুল্লাহ আচ-ছাক্বাফী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।" ছহীহ - (মুছলিম, আহমদ)
explain-icon

ব্যাখ্যা

চাহাবী ছুফিয়ান বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিলে যে, তেখেতে যাতে তেওঁক ইছলামৰ এনেকুৱা এটা গভীৰ অৰ্থপূৰ্ণ কথা শিকায় যিটোক তেওঁ খামুচি ধৰি ৰাখিব আৰু সেই বিষয়ে তেওঁ যেন আন কাকো প্ৰশ্ন কৰিবলগীয়া নহয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি কোৱা যে, মই আল্লাহৰ তাওহীদ (একত্ব)ক স্বীকাৰ কৰিলোঁ আৰু ঈমান আনিলোঁ যে, তেৱেঁই মোৰ প্ৰতিপালক, তেৱেঁই মোৰ ইলাহ, তেৱেঁই মোৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই মোৰ সত্য উপাস্য, তেওঁৰ কোনো অংশীদাৰ নাই। ইয়াৰ পিছত আল্লাহৰ আনুগত্যৰ ওপৰত অটল থাকা, অৰ্থাৎ আল্লাহে নিৰ্ধাৰণ কৰা বিধানসমূহ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থাকা।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • দ্বীনৰ মৌলিক বিষয় হৈছে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, অৰ্থাৎ আল্লাহৰ ৰুবুবিয়্যত, উলুহিয়্যত আৰু আচমা অচ্ছিফাতৰ ওপৰত ঈমান পোষণ কৰা।
  • ঈমান পোষণ কৰাৰ পিছত সেই ঈমানৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ গুৰুত্ব। ইবাদত কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজায় ৰখা আৰু তাত অটল থকা অনিবাৰ্য।
  • আমল কবূল হোৱাৰ পূৰ্ব চৰ্ত হৈছে ঈমান। (ঈমান নোহোৱাকৈ আমল গ্ৰহণযোগ্য নহয়)
  • আক্বীদাৰ ক্ষেত্ৰত যিবোৰ বিষয়ৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য, লগতে ইয়াৰ মৌলিক বিষয়বোৰো আল্লাহৰ প্ৰতি ঈমানৰেই অন্তৰ্ভুক্ত। এইদৰে অন্তৰৰ আমলসমূহ আৰু প্ৰকাশ্য-অপ্ৰকাশ্য সকলো দিশৰ পৰা আল্লাহৰ ওচৰত বশ্যতা স্বীকাৰ কৰা আৰু তেওঁৰ ওচৰত আত্মসমৰ্পন কৰাও ইয়াৰেই অন্তৰ্ভুক্ত।
  • ইস্তিকামাহ হৈছে ওৱাজিবাতসমূহৰ প্ৰতি আমল কৰা আৰু নিষেধকৃত বিষয়বোৰক পৰিত্যাগ কৰি এই পথত অটল থকা।