হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যি ব্যক্তিয়ে কলিমা তাওহীদৰ অৰ্থ জানি-বুজি আৰু ইয়াৰ উদ্দেশ্যৰ প্ৰতি আমল কৰি স্বীকাৰ কৰিব তথা উচ্চাৰণ কৰিব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু ঈছা আলাইহিচ্ছালামক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলি সাক্ষ্য দিব, লগতে এই সাক্ষ্য দিব যে, আল্লাহে "কুন كن" শব্দৰ জৰিয়তে ঈছাক সৃষ্টি কৰিছিল, তথা তেওঁ আছিল আল্লাহে সৃষ্টি কৰা এটা ৰূহ। ইয়াহুদীসকলে তেওঁৰ মাতৃৰ প্ৰতি যিবোৰ আৰোপ কৰিছিল, সেইবোৰৰ লগত তেওঁৰ মাতৃৰ কোনো সম্পৰ্ক নাই। লগতে এই বিশ্বাস পোষণ কৰিব যে, জান্নাত সত্য আৰু জাহান্নামো সত্য। এই দুয়োখনৰ অস্তিত্ব আছে, আৰু এই দুখন হৈছে আল্লাহৰ নিআমত আৰু শাস্তি। এতেকে যিয়ে এই স্বীকাৰোক্তিৰ ওপৰত মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত, যদিও তাৰ নেক আমলৰ পৰিমাণ কম থাকে আৰু গুনাহো থাকে।