হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ধৰণৰ জাহান্নামী ব্যক্তিৰ পৰা সতৰ্ক কৰিছে, যিসকলক তেখেতে দেখা নাই আৰু সেই সময়ত সিহঁত নাছিল, বৰং সিহঁতৰ আবিৰ্ভাৱ পিছত হ'ব বুলি ইংগিত কৰিছে। প্ৰথম প্ৰকাৰঃ এনেকুৱা এক প্ৰকাৰ লোক থাকিব যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰ দ্বাৰা সিহঁতে মানুহক প্ৰহাৰ কৰিব। ইয়াৰ দ্বাৰা সেইসকল প্ৰশাসনিক বিষয়াক বুজোৱা হৈছে যিসকলে অন্যায়ভাৱে মানুহক প্ৰহাৰ কৰে। দ্বিতীয় প্ৰকাৰঃ এনেকুৱা নাৰী যিসকলে মান-সন্মান তথা ইজ্জতৰ লিবাছ খুলি পেলাব। যিটো হায়া বা লাজ প্ৰদান কৰি নাৰীক সৃষ্টি কৰা হৈছে, সেই লাজ নাইকিয়া হ'ব। সিহঁতৰ বৈশিষ্ট্য বৰ্ণনা কৰি কৈছেঃ বাস্তৱত সিহঁতে কাপোৰ পৰিধান কৰিব, কিন্তু শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰকাশিত হ'ব। কাৰণ সিহঁতে অতি পাতল কাপোৰ পৰিধান কৰিব। সেই কাপোৰে শৰীৰৰ কিছু অংশ ঢাকি ৰাখিব আৰু কিছু অংশ প্ৰকাশিত হ'ব, সৌন্দৰ্য্যৰ বাবে সিহঁতে এনেকুৱা কাপোৰ পৰিধান কৰিব। সিহঁতৰ এই পৰিধানৰ উদ্দেশ্য হ'ব পুৰুষক নিজৰ প্ৰতি আকৰ্ষিত কৰা। সিহঁতৰ চাল-চলন হ'ব পৰ পুৰুষক আকৰ্ষিত কৰা, খোজকাঢ়ি যাওঁতে ইফাল-সিফাল ঘূৰি চাব, আনক বিপথে পৰিচালিত কৰিব আৰু এই ফিতনাত আৱদ্ধ কৰিব। সিহঁতৰ বৈশিষ্ট্য বৰ্ণনা কৰি আৰু কৈছে যে, সিহঁতৰ মূৰ হ'ব উটৰ পিঠিত থকা কুঁজৰ দৰে। সিহঁতে নিজৰ মূৰৰ আকাৰ ডাঙৰ কৰিবলৈ মূৰৰ ওপৰত খোপ বান্ধে। উটৰ কুঁজৰ সৈতে সাদৃশ্য দিয়াৰ কাৰণ হৈছে সিহঁতৰ মূৰৰ সেই খোপ যিটো সিহঁতে মূৰৰ ওপৰত বান্ধে। সেইটো মূৰৰ ওপৰৰ পৰা অকণমান হালি পৰে, যিদৰে উটৰ কুঁজ হালি পৰে। এতেকে যাৰ এইবোৰ বৈশিষ্ট্য থাকিব, সিয়েই এই কঠোৰ শাস্তিৰ অন্তৰ্ভুক্ত যে, সিহঁত জান্নাতত প্ৰৱেশ নকৰিব, আনকি জান্নাতৰ সুগন্ধিও নাপাব তথা নিকটৱৰ্তী নহ'ব। অথচ জন্নাতৰ সুগন্ধি বহু দূৰৰ পৰা পোৱা যায়।