আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে মৃত লোকসকলক গালি নাপাৰিবা; কাৰণ সিহঁতে নিজৰ কৰ্মফলৰ ওচৰলৈ গৈ উপনীত হৈছে। ছহীহ - (বুখাৰী)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত স্পষ্ট কৰিছে যে, মৃত লোকসকলক গালি দিয়া আৰু তেওঁলোকৰ সন্মানহানী কৰা হাৰাম। এনেকুৱা কৰ্ম হৈছে বেয়া চৰিত্ৰৰ পৰিচয়। কাৰণ তেওঁলোকে সেই ঠাইত গৈ উপনীত হৈছে, যি স্থানলৈ তেওঁলোকে ইতিপূৰ্বে নিজৰ ভাল-বেয়া আমল প্ৰেৰণ কৰিছিল। আনহাতে এইবোৰ গালি-শপনি সিহঁতৰ ওচৰলৈ গৈ নাপায়; বৰং এইবোৰৰ দ্বাৰা কেৱল জীৱিত মানুহকহে কষ্ট দিয়া হয়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোৱে প্ৰমাণ কৰে যে, মৃত ব্যক্তিক গালি-শপনি পাৰা হাৰাম।
  • জীৱিতসকলৰ কল্যাণৰ কাৰণেই মৃতসকলক গালি-শপনি পাৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হৈছে, যাতে কলহ-বিবাদ আৰু ঘৃণা আদিৰ পৰা সমাজ সুৰক্ষিত থাকে।
  • মৃত লোকসকলক গালি-শপনি পাৰিবলৈ নিষেধ কৰাৰ আন এটা হিকমত হৈছে এই যে, সিহঁতে যি আমল কৰিছে, তাৰ প্ৰতিফল পাবলৈ সিহঁতে ইতিমধ্যে তাত গৈ উপস্থিত হৈছে। গতিকে এতিয়া সিহঁতক গালি পাৰি একো লাভ নাই; বৰং এতিয়া গালি পাৰিলে মৃত ব্যক্তিৰ জীৱিত আত্মীয়সকলেহে কষ্ট পাব।
  • যিটো কথাত মানুহৰ কোনো উপকাৰ নাই, তেনেকুৱা কথা কোৱাটো মানুহৰ বাবে উচিত নহয়।