এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহি চাহাবাসকলক ক'লেঃ মই আশংকা কৰোঁ যে, মোৰ মৃত্যুৰ পিছত তোমালোকৰ বাবে পৃথিৱীৰ সাজ-সজ্জা তথা সৌন্দৰ্য্য আৰু বৰকত খুলি দিয়া হ'ব। লগতে তাত থাকিব বিভিন্ন ধৰণৰ সা-সম্পত্তি, কাপোৰ কানি, খেতি-বাতি আদি। যিবোৰকলৈ মানুহে অহংকাৰ কৰে, যদিও এই জীৱন ক্ষণস্থায়ী। তেতিয়া এজন ব্যক্তিয়ে ক'লেঃ পাৰ্থিৱ সা-সম্পত্তি তথা ইয়াৰ সৌন্দৰ্য্য হৈছে আল্লাহৰ এক প্ৰকাৰ নিয়ামত। তেন্তে এই নিয়ামতে অকল্যাণ তথা শাস্তি কঢ়িয়াই আনিব নেকি? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নটোৰ উত্তৰ নিদি নিৰৱ হৈ থাকিল। লোকসকলে প্ৰশ্নকাৰীক ভৰ্ৎসনা কৰিবলৈ ধৰিলে, তেওঁলোকে ভাবিছিল তেওঁৰ প্ৰশ্নত তেখেতে খং কৰিছে। তেতিয়া তেওঁলোকে গম পালে যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অহী অৱতীৰ্ণ হৈ আছে। ইয়াৰ পিছত তেখেতে কপালৰ ঘাম মচি ল'লে আৰু ক'লেঃ প্ৰশ্নকাৰীজন ক'ত? প্ৰশ্নকাৰীজনে ক'লেঃ মই কৰিছিলোঁ প্ৰশ্ন। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণগান কৰি ক'লেঃ শুনা! প্ৰকৃত কল্যাণ কেৱল কল্যাণহে কঢ়িয়াই আনে। কিন্তু এই সা-সম্পত্তি কোনো সাধাৰণ কল্যাণ নহয়, কাৰণ ইয়াৰ ভিতৰত আছে ফিতনা-ফাছাদ, প্ৰতিযোগিতা, লগতে আখিৰাতৰ প্ৰতি সম্পূৰ্ণৰূপে মনোযোগ প্ৰদানত বাধা। ইয়াৰ পিছত তেখেতে ইয়াৰ এটা উদাহৰণ দাঙি ধৰি কৈছেঃ বসন্তকালৰ ঘাঁহ বন আৰু সেউজীয়া তৃণ লতা হৈছে এক প্ৰকাৰ চৰণীয়া পথাৰ। জীৱ-জন্তুৱে খুবেই ভাল পায়। কিন্তু বেছি খালে সেইটো বদহজম হয়, যিটো কেতিয়াবা মৃত্যুৰ কাৰণো হয়। কিন্তু সেইবোৰ জন্তুৰ বিষয়টো সুকীয়া যিবোৰে এইবোৰ সেউজীয়া ঘাঁহ নিয়মিত পৰিমাণে খায় আৰু পৰ্যাপ্ত পৰিমাণে ৰ'দ গ্ৰহণ কৰে, লগতে প্ৰস্ৰাৱ পায়খানা কৰে। ইয়াৰ পিছত বাকী থকা খাদ্যখিনি পুনৰ চোবাই গিলি খায়। ইয়াৰ পিছত পুনৰ চৰিবলৈ যায়। এতেকে এই সম্পদ হৈছে সেউজীয়া সুস্বাদু ঘাঁহ বন তৃণ লতাৰ দৰে। যিবোৰ বেছি পৰিমাণে ভক্ষণ কৰিলে জীৱ-জন্তুৰ মৃত্যু হয় অথবা মৃত্যুমুখত পৰে। কিন্তু যদি হালাল পন্থাৰে প্ৰয়োজন অনুসাৰে সীমিত পৰিমাণে কোনোবাই ভক্ষণ কৰে, যিখিনি খোৱা অতি জৰুৰী, তেন্তে সেইটো ক্ষতিকাৰক নহয়। প্ৰকৃত মুছলিম ব্যক্তি হৈছে সেইজন ব্যক্তি, যিয়ে ফকীৰ-মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰে, যিয়ে এইবোৰ অধিকাৰ পূৰণ কৰাৰ পিছত নিজৰখিনি ৰাখি থয়, তাত আল্লাহে বৰকত দিয়ে। পক্ষান্তৰে যিয়ে অবৈধ পন্থাৰে সম্পদ অৰ্জন কৰে, তাৰ উদাহৰণ হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে ভক্ষণ কৰে কিন্তু তাৰ পেট নভৰে। কিয়ামতৰ দিনা তাৰ এই সম্পদ তাৰ বিৰুদ্ধে সাক্ষ্য দিব।