নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে, যিয়ে মানুহক ঋণ দিছিল অথবা বয়-বস্তু বাকী দিছিল। তেওঁ নিজৰ সেই কৰ্মচাৰীক নিৰ্দেশ দিছিল, যিয়ে মানুহৰ পৰা ঋণ ঘূৰাই অনা কৰ্মত নিয়োজিত আছিলঃ যেতিয়া তুমি কোনো এনেকুৱা ঋণগ্ৰহীতাৰ ওচৰলৈ যাবা যিয়ে ঋণ পৰিশোধ কৰিবলৈ সক্ষম নহয়, তেন্তে তাক আওকাণ কৰিবা। অৰ্থাৎ হয় তাক অৱকাশ দিবা, নাইবা তাক ঋণ পৰিশোধ কৰিবলৈ বাধ্য নকৰাবা। অথবা সেইখিনি লৈ লবা, যিখিনি দিবলৈ সি সক্ষম। এইটো তেওঁ এই কাৰণে কৰিবলৈ কৈছিল যে, হয়তো আল্লাহে ইয়াৰ ফলত তাক ক্ষমা কৰিব। অৱশেষত সেই ব্যক্তি যেতিয়া মৃত্যুবৰণ কৰিলে, আল্লাহে তাক ক্ষমা কৰি দিলে আৰু তাৰ সকলো গুনাহ মাৰ্জনা কৰিলে।