আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ (প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, তেতিয়া আল্লাহে তেওঁক ক্ষমা কৰি দিলে। ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে, যিয়ে মানুহক ঋণ দিছিল অথবা বয়-বস্তু বাকী দিছিল। তেওঁ নিজৰ সেই কৰ্মচাৰীক নিৰ্দেশ দিছিল, যিয়ে মানুহৰ পৰা ঋণ ঘূৰাই অনা কৰ্মত নিয়োজিত আছিলঃ যেতিয়া তুমি কোনো এনেকুৱা ঋণগ্ৰহীতাৰ ওচৰলৈ যাবা যিয়ে ঋণ পৰিশোধ কৰিবলৈ সক্ষম নহয়, তেন্তে তাক আওকাণ কৰিবা। অৰ্থাৎ হয় তাক অৱকাশ দিবা, নাইবা তাক ঋণ পৰিশোধ কৰিবলৈ বাধ্য নকৰাবা। অথবা সেইখিনি লৈ লবা, যিখিনি দিবলৈ সি সক্ষম। এইটো তেওঁ এই কাৰণে কৰিবলৈ কৈছিল যে, হয়তো আল্লাহে ইয়াৰ ফলত তাক ক্ষমা কৰিব। অৱশেষত সেই ব্যক্তি যেতিয়া মৃত্যুবৰণ কৰিলে, আল্লাহে তাক ক্ষমা কৰি দিলে আৰু তাৰ সকলো গুনাহ মাৰ্জনা কৰিলে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • মানুহৰ লগত সদাচৰণ কৰা, সিহঁতক ক্ষমা কৰা, সিহঁতৰ মাজৰ অভাৱী দৰিদ্ৰসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰা আদি হৈছে কিয়ামতৰ দিনা মুক্তি লাভ কৰাৰ অন্যতম কাৰণ।
  • সকলো সৃষ্টিৰ সৈতে সদাচৰণ কৰা, আল্লাহৰ বাবে ইখলাচ অৱলম্বন কৰা আৰু তেওঁৰ ওচৰত ৰহমত আশা কৰা আদি হৈছে গুনাহ মাফ হোৱাৰ অন্যতম কাৰণ।