নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, এই তিনি প্ৰকাৰ লোকৰ বাহিৰে বাকী সকলোৱে চৰীয়তৰ বিধানসমূহ পালন কৰিবলৈ দায়বদ্ধ। শিশু, ডাঙৰ নোহোৱালৈকে তথা প্ৰাপ্তবয়স্ক নোহোৱালৈকে (চৰীয়তি বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়)। বিবেকহীন পাগল ব্যক্তি, যেতিয়ালৈকে তাৰ বিবেক ঘূৰি নাহিব। ( তেতিয়ালৈকে চৰীয়তি বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়)। টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায় (তেতিয়ালৈকে চৰীয়তি বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়)। এইসকল লোক চৰীয়তৰ বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়। এনেকুৱা লোকে কৰা গুনাহ লিপিবদ্ধ কৰা নহয়। কিন্তু টোপনিত থকা আৰু পাগল ব্যক্তিৰ বাহিৰে শিশুৰ কল্যাণকৰ কাম লিপিবদ্ধ কৰা হয়। উক্ত দুই শ্ৰেণীৰ লোকৰ ইবাদত এইকাৰণে গ্ৰহণযোগ্য নহয় কাৰণ সিহঁতৰ উপলব্ধি কৰিব পৰা শক্তি নাথাকে।