মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত তেখেতে অধিক হাৰত দান কৰিছিল। অভাৱগ্ৰস্থ দুখীয়া দৰিদ্ৰ যাক যিটো লাগিছিল তেওঁ তাক সেইটোৱে দান কৰিছিল। দুটা কাৰণত তেখেতে এই মাহত অত্যাধিক দান কৰিছিলঃ প্ৰথমঃ কাৰণ তেখেতৰ সৈতে জিব্ৰীল আলাইহিচ্ছালামে লগ কৰিছিল। দ্বিতীয় কাৰণ, তেখেতে এই সময়ছোৱাত কোৰআন চৰ্চা কৰিছিল। অৰ্থাৎ মুখস্থ কোৰআন তিলাৱত কৰিছিল। অৱতীৰ্ণ হোৱা কোৰআনখিনি তেখেতে জিব্ৰীল আলাইহিচ্ছালামক তিলাৱত কৰি শুনাইছিল। ইপিনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত উদাৰ তথা দানশীল আছিল, আৰু কল্যাণকৰ কৰ্মত তৎপৰ আছিল। তেখেত সৃষ্টিৰ উপকাৰৰ ক্ষেত্ৰত সেই উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগামী আছিল যিটো বতাহক আল্লাহে বৰষুণ অৱতীৰ্ণ কৰাৰ পূৰ্বে প্ৰেৰণ কৰে।