হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, মহান আল্লাহে তেখেতক শৰীৰৰ সাতটা অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰিবলৈ আদেশ দিছে। সেই সাতটা অংগ হৈছেঃ প্ৰথমঃ কপাল। নাক আৰু দুয়ো চকুৰ ওপৰত থকা প্ৰশস্ত অংশখিনিক কপাল বুলি কোৱা হয়। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাকৰ প্ৰতি ইংগিত কৰি বুজাইছে যে, নাক আৰু কপাল হৈছে সেই সাতটা অংগৰে এটা অংগ। তেখেতে গুৰুত্ব প্ৰদান কৰিছে যে, যাতে ছাজদাহকাৰীয়ে ছাজদাহ দিওঁতে মাটিত নাক স্পৰ্শ কৰে। দ্বিতীয় আৰু তৃতীয় অংগ হৈছে, দুই হাত। চতুৰ্থ আৰু পঞ্চম অংগ হৈছে, দুই আঠু। ষষ্ঠ আৰু সপ্তম অংগ হৈছে, দুয়ো ভৰি। এইদৰে আমাক নিৰ্দেশ দিছে যে, আমি যাতে চুলি বান্ধি নাৰাখোঁ। লগতে ছাজদাহ কৰাৰ সময়ত আমি যাতে কাপোৰ কোচাই নলওঁ, বৰং এৰি দিওঁ আৰু যিবোৰ অংগৰ ওপৰত ভৰ কৰি ছাজদাহ কৰিবলৈ কৈছে সেইবোৰৰ ওপৰত ছাজদাহ কৰোঁ।