আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "আহাৰ উপস্থিত হোৱাৰ পিছত কোনো নামাজ পঢ়া উচিত নহয়, লগতে প্ৰস্ৰাৱ পায়খানাৰ চাপ সৃষ্টি হ'লেও কোনো নামাজ পঢ়া উচিত নহয়।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা আহাৰ উপস্থিত হোৱাৰ পিছত নামাজ পঢ়িবলৈ নিষেধ কৰিছে যি খাদ্যৰ প্ৰতি মুচল্লীৰ আগ্ৰহ অধিক, কাৰণ এনেকুৱা অৱস্থাত নামাজ আৰম্ভ কৰিলে মুচল্লীৰ মনত বাৰে বাৰে সেই খাদ্যৰ কথাই মনত পৰিব। এইদৰে শৌচ-প্ৰস্ৰাৱৰ চাপ সৃষ্টি হ'লে সেই অৱস্থাতো নামাজ পঢ়িবলৈ নিষেধ কৰিছে, কাৰণ এনেকুৱা অৱস্থাত মুচল্লীয়ে নামাজতকৈ চাপ চম্ভালিবলৈহে বেছি মনোযোগ দিব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • মুচল্লীয়ে নামাজ আৰম্ভ কৰাৰ আগতে সেই সকলো কামৰ পৰা মুক্ত হোৱা উচিত, যিবোৰ কামে তাক নামাজত অসুবিধা দিব।
explain-icon

অধিক