হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, বিদায়ী হজ্জত কুৰবানীৰ দিনা জামাৰাতুল আক্বাবাত শিলগুটি নিক্ষেপৰ সময়ত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিল। তেখেতে তেওঁক শিলগুটি সংগ্ৰহ কৰি আনিবলৈ নিৰ্দেশ দিছিল। ফলত তেওঁ তেখেতৰ বাবে সাতটা শিলগুটি বিচাৰি আনিছিল। তাৰে মাজৰ এটা শিলগুটি বুটমাহৰ সমান আকাৰৰ আছিল। সেইটোক তেখেতে হাতৰ তালুত লাৰি চাই কৈছিলঃ এনেকুৱা আকাৰৰ শিলগুটি তোমালোকে নিক্ষেপ কৰিবা। ইয়াৰ পিছত তেখেতে সীমালংঘনৰ পৰা সতৰ্ক কৰিছে তথা ধৰ্মীয় ক্ষেত্ৰত অতিৰঞ্জনৰ পৰা সাৱধান কৰিছে। কাৰণ পূৰ্বৱৰ্তী উম্মতৰ লোকসকল ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।