হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গণক তথা ভৱিষ্যৎ বক্তা আদিৰ ওচৰলৈ যোৱাৰ পৰা সতৰ্ক কৰিছে। ভৱিষ্যৎ বক্তাৰ দ্বাৰা, গণক, জ্যোতিষি আদিক বুজোৱা হৈছে, যিসকলে গ্ৰহ-নক্ষত্ৰ আৰু জ্যোতিষি বিদ্যাৰ সহায়ত গায়েব জনা বুলি দাবী কৰে। এইটো ইমান ভয়াৱহ গুনাহ যে, কেৱল অদৃশ্য জ্ঞান সম্পৰ্কে জানিবলৈ কিবা সুধিলে আল্লাহে চল্লিছ দিনৰ নামাজৰ ছোৱাব বাতিল কৰি দিয়ে। এইটোৱে হৈছে এই মহাপাপৰ শাস্তি।