হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, তেখেতে যেতিয়া আমাক কোনো বিষয়ে নিষেধ কৰে, তেতিয়া আমাৰ বাবে কোনো ওজৰ-আপত্তি নকৰাকৈ সেইটোৰ পৰা বিৰত থকাটো অনিবাৰ্য্য হৈ পৰে। আনহাতে তেখেতে আমাক যেতিয়া কোনো কাম কৰিবলৈ নিৰ্দেশ দিয়ে, তেতিয়া আমি সেইটো আমাৰ সক্ষমতা অনুযায়ী পালন কৰা উচিত। ইয়াৰ পিছত তেখেতে আমাক পূৰ্বৱৰ্তী উম্মতৰ সেইসকল লোকৰ পৰা সতৰ্ক কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ অবাধ্যতা কৰিছিল আৰু তেওঁলোকক যধে মধে প্ৰশ্ন কৰি বিৰক্ত কৰিছিল। ফলত আল্লাহে সিহঁতক শাস্তি অৱতীৰ্ণ কৰি ধ্বংস কৰিছিল। গতিকে আমি সিহঁতৰ দৰে হোৱা উচিত নহয়, অন্যথা আমিও সিহঁতৰ দৰে ধ্বংস হ'বলগীয়া হ'ব পাৰে।