হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, চৰীয়তৰ বিধি-বিধান হৈছে তিনি প্ৰকাৰ। ১- যিটোত তেখেতে মৌনতা অৱলম্বন কৰিছে। ২- নিষেধকৃত বিষয়। ৩- আদেশ। ১- যিটো বিষয়ত চৰীয়তে মৌনতা অৱলম্বন কৰিছেঃ অৰ্থাৎ যাৰ কোনো স্পষ্ট বিধি-বিধান নাই। এইটো মূলতে বাধ্যতামূলক নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত কোনো বিষয়ে অধিক প্ৰশ্ন কৰিবলৈ এই আশংকাত নিষেধ কৰা হৈছিল, যাতে প্ৰশ্ন কৰা বিষয়টো ওৱাজিব হৈ নাযায় বা হাৰাম হৈ নাযায়। মহান আল্লাহে বান্দাসকলৰ প্ৰতি দয়া প্ৰদৰ্শন কৰি এইটো এৰি দিছে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যুৰ পিছত প্ৰয়োজন অনুসৰি ফতোৱাৰ কাৰণে বা শিকিবলৈ প্ৰশ্ন কৰাত কোনো বাধা নাই, বৰং ইয়াৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই হাদীছ অনুসৰি সেইবোৰ প্ৰশ্নৰ পৰা বিৰত থকা উচিত যিবোৰ প্ৰশ্ন উদ্দেশ্য প্ৰণোদিতভাৱে কাৰোবাক বিৰক্ত কৰিবলৈ বা হেও প্ৰতিপন্ন কৰিবলৈ কৰা হয়। কাৰণ বনী ইছৰাঈলে এনেকুৱা প্ৰশ্নৰ কাৰণেই ধ্বংস হৈছিল। উদাহৰণস্বৰূপে সিহঁতক যেতিয়া গৰু এটা জবেহ কৰিবলৈ কোৱা হৈছিল, তেতিয়া সিহঁতে আদেশ পালন কৰি যিকোনো এটা গৰু জবেহ কৰিলেই হ'লহেঁতেন, কিন্তু সিহঁতে তেনেকুৱা নকৰি বিষয়টোক কঠিন ওপৰত কঠিন কৰি লৈছিল। দ্বিতীয়ঃ নিষেধকৃত বিষয়সমূহ। যিটো পৰিত্যাগ কৰিলে ছোৱাব পোৱা যায়, আৰু অৱলম্বন কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এনেকুৱা প্ৰতিটো বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য। তৃতীয়ঃ আদেশকৃত বিধান। যিবোৰ পালন কৰিলে ছোৱাব পোৱা যায়, আৰু পৰিত্যাগ কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এইবোৰ কৰ্ম সাধ্যানুযায়ী কৰা জৰুৰী।