আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্দাকাৰী অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লাজুক আছিল। কিন্তু তেখেতে যেতিয়া কোনো বস্তুক অপছন্দ কৰিছিল তেতিয়া আমি তেখেতৰ চেহাৰাতেই সেইটো গম পাইছিলোঁ। ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

হাদীছটোত আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লজ্জাশীল আছিল। তেখেত ইমান লাজুক আছিল যে, তেখেতে কোনো বস্তু অপছন্দ কৰিলে সেয়া মুখেৰে প্ৰকাশ নকৰিলেও চাহাবাসকলে তেখেতৰ মুখমণ্ডল দেখিয়ে সেয়া অনুভৱ কৰিব পাৰিছিল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লজ্জাশীলতাৰ বিষয়টো উল্লেখ হৈছে, আৰু এইটো হৈছে এটা মহান চৰিত্ৰ।
  • আল্লাহৰ সীমাৰেখা উলংঘা নোহোৱা ক্ষেত্ৰত তেখেত লাজুক আছিল। কিন্তু যেতিয়া এনেকুৱা কোনো বিষয় সংঘটিত হৈছিল য'ত আল্লাহৰ সীমাৰেখা উলংঘা হৈছিল, তেতিয়া তেখেত ক্ৰোধান্বিত হৈছিল, আৰু চাহাবাসকলক আদেশ কৰিছিল তথা নিষেধ কৰিছিল।
  • লজ্জাশীল হ'বলৈ উৎসাহিত কৰা হৈছে। কাৰণ লজ্জাশীলতাই মানুহক ভাল কাম কৰিবলৈ প্ৰেৰণা দিয়ে আৰু বেয়া কামৰ পৰা বিৰত ৰাখে।
explain-icon

অধিক