নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই গভীৰ অৰ্থপূৰ্ণ দুআটো পাঠ কৰিছিলঃ হে মোৰ প্ৰতিপালক, মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, যিবোৰ মই অনিচ্ছাকৃতভাৱে কৰিছোঁ। লগতে যিবোৰ ক্ষেত্ৰত মোৰ দ্বাৰা সীমালংঘন হৈছে, সেইবোৰ তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! যিবোৰ গুনাহ সম্পৰ্কে মই পাহৰি গৈছোঁ, কিন্তু তুমিতো ভালকৈয়ে জানা। হে আল্লাহ! জানি বুজি ইচ্ছাকৃতভাৱে মোৰ দ্বাৰা যিবোৰ গুনাহ হৈছে সেইবোৰ গুনাহো তুমি ক্ষমা কৰি দিয়া। হাঁহি ধেমালিতে হোৱা গুনাহকো তুমি ক্ষমা কৰি দিয়া। আনকি মোৰ সকলো দোষ-ত্ৰুটি তুমি ক্ষমা কৰি দিয়া। হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া। যিবোৰ মই গোপনে কৰিছিলোঁ আৰু যিবোৰ মই প্ৰকাশ্যভাৱে কৰিছিলোঁ। তুমিয়েই আগুৱাই দিয়াৰ অধিকাৰী আৰু তুমিয়েই পিছুৱাই দিয়াৰ অধিকাৰী, তুমি যাক ইচ্ছা কৰা, তাক তুমি তোমাৰ ৰহমতৰ পিনে আগুৱাই দিয়া আৰু তাৰ প্ৰতি তুমি সন্তুষ্ট হোৱা। আনহাতে তুমি যাক ইচ্ছা কৰা পিছুৱাই দিয়া আৰু অপদস্থ কৰা। গতিকে তুমি যাক পিছুৱাই দিছা, তাক আগুৱাই দিব পৰা কোনো নাই। পক্ষান্তৰে যাক তুমি আগুৱাই দিছা, তাক পিছুৱাই দিব পৰা কোনো নাই। তুমিয়েই সৰ্বশক্তিমান, সকলো ক্ষেত্ৰতে তুমি ক্ষমতাৱান। তুমি যিটো বিচৰা সেইটোৱে কৰিব পাৰা।