নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত কেইবাটাও বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। প্ৰথমঃ (اللهم إني أعوذ) মই আশ্ৰয় বিচাৰোঁ, (بك) কেৱল তোমাৰ ওচৰত, (من غلبة الدَّين) ঋণৰ বোজাৰ পৰা, লগতে মই তোমাৰ ওচৰত এই ঋণ পৰিশোধৰ কাৰণে সহায় প্ৰাৰ্থনা কৰোঁ। দ্বিতীয়ঃ (وغلبة العدو) শত্ৰুৰ প্ৰাধান্যতা আৰু বৰ্বৰতাৰ পৰাও আশ্ৰয় বিচাৰোঁ। লগতে শত্ৰুৰ হাত বিৰত ৰাখিবলৈ আৰু এই ক্ষেত্ৰত সহায় কৰিবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তৃতীয়ঃ (وشماتة الأعداء) মুছলিমসকলৰ বিপদ-আপদৰ সময়ত শত্ৰুৰ আনন্দ প্ৰকাশৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।