নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিটা বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে। প্ৰথমঃ তেখেতে দ্বীনি আৰু দুনিয়াৱী নিয়ামত অপসৰণৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে। যাতে ইছলামৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে, লগতে গুনাহ আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকিব পাৰে। দ্বিতীয়ঃ নিৰাপত্তা পৰিবৰ্তনৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছে, যাতে বিপদ-আপদলৈ ৰূপান্তৰিত নহয়। তেখেতে কৈছেঃ মই সদায় তোমাৰ ওচৰত নিৰাপত্তা কামনা কৰোঁ, বেমাৰ-আজাৰৰ পৰা সুস্থতা বিচাৰোঁ। তৃতীয়ঃ আকস্মিক বিপদ-আপদ তথা মুচিবতৰ পৰা আশ্ৰয় বিচাৰোঁ। কাৰণ আকস্মিকভাৱে অহা বিপদ-আপদৰ ফলত তাওবা কৰাৰ কোনো অৱকাশ পোৱা নাযায়। এনেকুৱা বিপদ হৈছে আটাইতকৈ সাংঘাতিক। চতুৰ্থঃ লগতে তোমাৰ সকলো প্ৰকাৰ অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। কাৰণ যাৰ প্ৰতি তুমি অসন্তুষ্ট হোৱা, সি ক্ষতিগ্ৰস্ত হয় তথা ধ্বংস হয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত 'জামী' (جَمِيعِ) শব্দ ব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা মহান আল্লাহৰ অসন্তুষ্টিৰ সকলো দিশকে সামৰি লোৱা হৈছে, কথা হওক বা কৰ্ম অথবা বিশ্বাস।