হাদীছটোত আহিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিল যে, (اللهم إني أسألك الهدى) অৰ্থাৎ হে আল্লাহ! মই তোমাৰ ওচৰত সত্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ আৰু সেইমতে আমল কৰাৰ আৰু পোন পথত পৰিচালিত হোৱাৰ তাওফীক কামনা কৰোঁ। (والتقى) তোমাৰ নিৰ্দেশনা যাতে পালন কৰিব পাৰোঁ আৰু তোমাৰ নিষেধাজ্ঞাৰ পৰা যাতে বিৰত থাকিব পাৰোঁ। (والعفاف) চাৰিত্ৰিক পৱিত্ৰতা কামনা কৰোঁ, কথাই হওক বা কৰ্ম কোনো ধৰণৰ অশালীন ব্যৱহাৰ যাতে মোৰ দ্বাৰা নহয়। (والغنى) মখলুকৰ পৰা অমুখাপেক্ষী হৈ, একমাত্ৰ তোমাৰ মুখাপেক্ষী হোৱাৰ তাওফীক কামনা কৰোঁ।