নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অপমান অপদস্থ কৰাৰ বদ্দুআ কৰিছে, যেনিবা তেখেতে তাৰ নাক মাটিত চোঁচৰাই নিবলৈ বদ্দুআ কৰিছে, তেখেতে তিনিবাৰকৈ বদ্দুআ কৰিছে। তেখেতক প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! আপুনি কাৰ প্ৰতি এনেকৈ বদ্দুআ কৰি আছে? তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সেই ব্যক্তিৰ প্ৰতি যিয়ে নিজৰ পিতৃ-মাতৃ উভয়কে বা তেওঁলোকৰ কোনোবা এজনক বৃদ্ধাৱস্থাত পায়, তথাপিও সি তেওঁৰ সেৱাযত্ন কৰি জান্নাত অৰ্জন কৰিব নোৱাৰে। কাৰণ সি পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ নকৰে, বৰং তেওঁলোকৰ অবাধ্যতা কৰে।