নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যদি কোনো ব্যক্তিয়ে ৰোজা অৱস্থাত ফৰজ ৰোজা হওক বা নফল ৰোজা, ভুলতে কিবা খায় বা পান কৰে তেন্তে তাৰ সেই ৰোজা ভংগ নহ'ব বৰং সি সেই ৰোজাটো পূৰ্ণ কৰা উচিত। কিয়নো সি ইচ্ছাকৃতভাৱে ভংগ কৰা নাই। এইটো হৈছে এনেকুৱা এটা জীৱিকা, যিটো আল্লাহে বান্দাৰ বাবে যোগান ধৰিছে তথা তাক খুৱাইছে আৰু পান কৰোৱাইছে।